ভল্গা নদী


ৱিকিমিডিয়া প্ৰকল্পত অৱদানকাৰী

Article Images

ভল্গা (Volga) (ৰুছ: Во́лга; IPA: [ˈvolɡə] ( শুনক)) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই নদী ৰাছিয়াৰ পৰা কাস্পিয়ান সাগৰলৈ বৈ গৈছে। এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী বুলি গণ্য কৰা হয়। এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка Volga-Matushka” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয়।

ভল্গা নদী (Volga River) (Волга)

ভল্গা নদীৰ ওপৰৰ চাৰাটোৱ দলং

দেশ ৰাছিয়া
উপনৈ
 - বাঁওদিশত Kama River
 - সোঁদিশত Oka River
চহৰসমূহ Astrakhan, Volgograd, Saratov, Samara, Ulyanovsk, Kazan, Nizhny Novgorod, Yaroslavl, Tver
উৎস
 - অৱস্থান Valdai Hills, Tver Oblast
 - উচ্চতা ২২৫ মি (৭৩৮ ফুট)
 - স্থানাঙ্ক 57°9′N 32°36′E / 57.15°N 32.6°E
মোহনা কাস্পিয়ান সাগৰ
 - উচ্চতা −২৮ মি (−৯২ ফুট)
 - স্থানাঙ্ক 45°50′N 47°58′E / 45.833°N 47.967°E [1]
দৈৰ্ঘ্য ৩,৬৯২ কিমি (২,২৯৪ মাইল)
অৱবাহিকা ১৩,৮০,০০০ বৰ্গকিমি (৫,৩২,৮২১ বৰ্গমাইল)
প্ৰবাহ for Astrakhan
 - গড় ৮,০৬০ ঘনমিটাৰ/ছেকেণ্ড (২,৮৪,৬৩৬ ঘনফুট/ছেকেণ্ড)

Map of the Volga watershed

ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills)-ত সাগৰ পৃষ্ঠৰ পৰা ২২৫ মিটাৰ উচ্চতাত উদ্ভৱ হৈছে। তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে। তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা ২৮ মিটাৰ তললৈ কাস্পিয়ান সাগৰত মিলিত হৈছে।

ভল্গা নদীৰ ভালেমান উপনৈ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ। ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী (Volga river system) সৃষ্টি কৰিছে। এইসকলোবোৰে মুঠতে প্ৰায় ১৩,৮০,০০০ বৰ্গ কিলোমিটাৰ কালিৰে প্ৰবাহিত হৈ গৈছে। ভল্গা বদ্বীপ (Volga Delta)-ৰ দৈৰ্ঘ্য প্ৰায় ১৫০ কিলোমিটাৰ আৰু ইয়াত প্ৰায় ৫০০টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত।

ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে। ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস। মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ (Volga–Baltic Waterway)-এ মস্কোক হুৱাইট ছি, বাল্টিক সাগৰ, কাস্পিয়ান সাগৰ আৰু ব্লেক ছিৰে সংযোগ কৰিছে।

ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয়। তদুপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী। ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায়।

ভল্গাৰ ওপৰত ভালেসংখ্যক জলবিদ্যুৎ প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ ভিতৰত প্ৰধান হ’ল-

  • Volgograd Reservoir
  • Saratov Reservoir
  • Kuybyshev Reservoir-the largest in Europe by surface
  • Cheboksary Reservoir
  • Gorky Reservoir
  • Rybinsk Reservoir
  • Uglich Reservoir
  • Ivankovo Reservoir
  • ’Ulyanovsk’ ত ভল্গা নদী

  • View of the river and Volgograd from space.

  • Volga River delta, Terra

  • Terra/MODIS, 2002-05-17.

  • Terra/MODIS, 2001-10-10.

  • Rzhev is the uppermost town situated on the Volga (photographed c.  1910)

  • A suspension bridge (Stariy Most/Старый Мост) across the Volga in Tver

  • Nizhny Novgorod ৰ ওচৰত ভল্গা নদী

  1. Volga GEOnet নাম চাৰ্ভাৰত তথ্য

  অপেন ষ্ট্ৰীট মেপত ভল্গা নদী বিষয়ক ভৌগোলিক তথ্য আছে।